+91-7577811111

majesticacademyindia@gmail.com

Announcements:
Admissions Open! Join our July batches for Banking, SSC & Other State Govt Exam preparation — limited seats available. Enroll now! +91 7577811111

ADRE 2.0 ফলাফল: স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত এক পদক্ষেপ

mins read

3

Table of Contents

adre 2.0

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment Examination – ADRE 2.0)ৰ প্ৰত্যাশিত ফলাফল অতি সোনকালেই ঘোষণা ক’ৰা হ’ব, যি নিৰপেক্ষ আৰু স্বচ্ছ নিযুক্তি ব্যৱস্থাৰ প্ৰতি ৰাজ্য চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হৈ পৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (State Level Recruitment Commission – SLRC) অনুষ্ঠিত কৰা ADRE 2.0 অসমৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ (Grade III and Grade IV) পদৰ নিযুক্তি প্ৰক্ৰিয়া উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

শেহতীয়াকৈ এক ঘোষণাত কোৱা হৈছে যে ইয়াৰ ফলাফল অহা ৭ মাৰ্চ ২০২৫ তাৰিখে ঘোষণা কৰা হ’ব। এই ঘোষণাই সমগ্ৰ অসমতে হাজাৰ হাজাৰ প্ৰাৰ্থীৰ বাবে এক নতুন আশাৰ বতৰা তথা নতুন সুযোগ লৈ আহিছে; যি চাৰিওফালে এক অভুতপূৰ্ব ঢৌ কঢ়িয়াই আনিছে।

ADRE 2.0 ফলাফল: পৰীক্ষাৰ সংক্ষিপ্ত বিৱৰণ

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে শীঘ্ৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ ফলাফল ঘোষণা কৰিব । যদি আপুনি তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা দিফলা ফলৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপুনি সঠিক ঠাইত উপস্থিত হৈছে। এই লেখাটোত আমি PDF হিচাপে Cutoff Mark আৰু Merit Listকে ধৰি ADRE ২০২৫ৰ ফলাফলৰ  বিষয়ে বিতং তথ্য প্ৰদান কৰিম।

শেহতীয়া ঘোষণা অনুসৰি ADRE 2.0ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল ২০২৫ চনৰ মাৰ্চ মাহৰ ৭ তাৰিখ শুক্ৰবাৰে ঘোষণা কৰা হ’বব।  আয়োগৰ দ্বাৰা ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পিছত প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল অনলাইন মাধ্যমত চোৱাৰ লগতে অফিচিয়েল ৱেবছাইটৰ পৰা পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ (Assam Direct Recruitment Examination – ADRE 2.0) : চাকৰিৰ আভাস আৰু সবিশেষ 

CategoryDetails
Organization NameState Level Recruitment Commission (SLRC), Assam 
Post Name1. Grade III 2. Grade IV
Vacancy1. Grade III – 7,600 2. Grade IV – 5,000
CategoryAssam Job
Job TypeGovernment
Qualification8th Pass, 10th Pass, 12th Pass, Graduate
Job LocationAssam
SalaryADRE Salary Grade 3 ADRE Salary Grade 4
Official Websitewww.assam.govt.in
ADRE 2.0 Result date7th March 2025

কেনেদৰে Download কৰিব ADRE 2.0  তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ফলাফল

  1. Official SLRC ৱেবছাইট চাওক: https://site.sebaonline.org , www.assam.govt.in । 
  1. Assam ADRE 2.0 Recruitment Result 2024-25 লিংকত ক্লিক কৰক
  1. Grade নিৰ্বাচন কৰক আৰু ফলাফল চাওক।
  1. ভৱিষ্যতৰ বাবে ফলাফল Print কৰক।

ADRE 2.0 ফলাফল: ADRE 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে বয়সৰ সীমা

  • নূন্যতম বয়সঃ ১৮ বছৰ
  • সৰ্বোচ্চ বয়স: ৪০ বছৰ

ADRE 2.0 ফলাফল : বয়সৰ শিথিলতা (শ্ৰেণী-ভিত্তিক):

CategoryAge Relaxation
SC/ST5 years
OBC/MOBC3 years
Ex-Servicemen2 years 
PwD10 years

ADRE 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া

নিৰ্বাচন তলত দিয়া পৰ্যায়সমূহৰ ওপৰত ভিত্তি কৰি কৰা হ’ব।

  1. লিখিত পৰীক্ষা
  2. দক্ষতা পৰীক্ষা
  3. ব্যক্তিগত সাক্ষাৎকাৰ (কেৱল চতুৰ্থ শ্ৰেণীৰ বাবে)
  4. নথিপত্ৰ পৰীক্ষণ

বি:দ্ৰ: ADREৰ বিজ্ঞাপন অনুসৰি তৃতীয় শ্ৰেণীৰ পদৰ বাবে কোনো সাক্ষাৎকাৰ নাথাকিব। ব্যক্তিগত সাক্ষাৎকাৰ কেৱল চতুৰ্থ শ্ৰেণীৰ নিৰ্বাচিত পদৰ বাবেহে অনুষ্ঠিত হ’ব।

 ADRE 2.0 ফলাফল: নিয়োগৰ জৰিয়তে যুৱক-যুৱতীসকলক সবলীকৰণ কৰা

ADRE ২.০ৰ ফলাফল প্ৰকাশে হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতীক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব । বিশেষকৈ অসমৰ দৰে ৰাজ্য এইটো এটা অত্যন্ত গুৰুত্ৱপূৰ্ণ পদক্ষেপ, য’ত নিবনুৱাৰ হাৰ এক উল্লেখযোগ্য চিন্তাৰ কাৰণ। চৰকাৰী গুৰুত্বপূৰ্ণ বিভাগসমূহৰ খালী হৈ থকা পদসমূহ পূৰণ কৰি ADRE ২.০য়ে  কৰ্মচাৰীৰ অভাৱ দূৰ কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নকো সমৰ্থন কৰে।

বহু প্ৰাৰ্থীৰ বাবে চৰকাৰী চাকৰি লাভ কৰাতো কেৱল আৰ্থিক স্থিৰতা নহয়; ই ব্যক্তিগত বিকাশৰ লগতে সামাজিক সন্মানৰ পথকো প্ৰতিনিধিত্ব কৰে। এই ফলাফলে ৰাজহুৱা সেৱাৰ জৰিয়তে ৰাজ্যখনৰ সেৱা কৰিবলৈ আগ্ৰহী লোকসকলৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্যকো প্ৰতিফলিত কৰে।

ADRE 2.0 ফলাফল : প্ৰত্যাহ্বান আৰু আশা

ফলাফল ঘোষণা কৰাতো এক উদযাপনৰ মুহূৰ্ত যদিও ইয়াত এক প্ৰত্যাহ্বানৰ দিশো আছে। অন্তিম বাছনিৰ পৰা বাদ পৰা প্ৰাৰ্থীসকলে হতাশ অনুভৱ কৰিব পাৰে, যিয়ে প্ৰক্ৰিয়াটোৰ বৃদ্ধি পোৱা প্ৰতিযোগিতামূলক প্ৰকৃতিৰ ওপৰত আলোকপাত  কৰে। অৱশ্যে ভৱিষ্যতৰ দিনবোৰৰ বাবে এই বিফলতাক নতুন কথা শিকাৰ আৰু নিজক উন্নত কৰাৰ এক সুযোগ হিচাপে চোৱাতো অত্যন্ত গুৰুত্ৱপূৰ্ণ।

ADRE 2.0 ফলাফল: ডিজিটেল শাসনৰ দিশত এক পদক্ষেপ

ADRE 2.0 অসমৰ ডিজিটেল শাসন ব্যৱস্থাৰ ক্ৰমবৰ্ধমান গ্ৰহণৰ এক প্ৰতীক। অনলাইন আবেদনৰ পৰা আৰম্ভ কৰি ই-জেনেৰেটেড এডমিট কাৰ্ড আৰু ফলাফল ঘোষণালৈকে এই প্ৰক্ৰিয়াই ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাসমূহৰ আধুনিকীকৰণৰ গুৰুত্ৱপূৰ্ণ দিশটোক প্ৰতিফলিত কৰে। ই অকল দক্ষতাই বৃদ্ধি নকৰে বৰঞ্চ বিভিন্ন ক্ষেত্ৰত হ’ব পৰা ভুল আৰু দুৰ্নীতিৰ সম্ভাৱনাও হ্ৰাস কৰে।

Majestic Academy: Inspiring Aspirants Beyond Results

Majestic Academy: য’ত শিক্ষাৰ্থীসকলে লাভ কৰে উপযুক্ত পথ প্ৰদৰ্শন  

Majestic Academyয়ে শৈক্ষিক প্ৰস্তুতিৰ বাহিৰেও বিভিন্ন দিশত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ লগতে অনুপ্ৰেৰণা যোগায়। অনুশাসন, নিষ্ঠা আৰু অধ্যৱসায়ৰ দ্ৱাৰা এই একাডেমীখনে  শিক্ষাৰ্থীসকলৰ বাবে গোটেই জীৱনৰ বাবে প্ৰয়োজনীয় মূল্যবোধ সৃষ্টি কৰে। প্ৰতিভাক উপযুক্ত পথত আগুৱাই নিয়া আৰু আত্মবিশ্বাস গঢ়াৰ ক্ষেত্ৰত থকা Majestic Academyৰ প্ৰতিশ্ৰুতিয়ে শিক্ষাৰ্থীসকলক কেৱল পৰীক্ষাৰ বাবেই সাজু কৰাই নহয়, অনাগত জীৱনত আহিবলগীয়া প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈও সাজু  কৰে।

 সামৰণি

ADRE 2.0ৰ ফলাফল অসমৰ বাবে এক গৌৰৱ আৰু নতুন সুযোগ প্ৰদানৰৰ মুহূৰ্ত। সফল প্ৰাৰ্থীসকলৰ বাবে ই এক নতুন যাত্ৰাৰ আৰম্ভণি আৰু আনসকলৰ বাবে ই প্ৰতিনিয়ত চেষ্টা কৰি থাকিবলৈ সোঁৱৰাই দিয়াৰ এক পথ। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ যাত্ৰাত সহায় আৰু পথ প্ৰদৰ্শন কৰাত Majestic Academyয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে ADRE 2.0ৰ দৰে ব্যৱস্থাসমূহে ৰাজ্যখন আৰু ইয়াৰ জনসাধাৰণৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Check Out Related Articles

Scroll to Top
Call Now